Skip to main content

ৰহনৰ কাহানী

                 ৰহনৰ কাহানী


ৰহন ! ৰহন বৰ্মন বয়স প্ৰায় ১৯ বছৰ বৰ্তমান তেওঁ বি.এ পঢ়ি অাছে গুৱাহাটী বিশ্ববিদ্যায়ৰ অধিনত অভয়াপুৰী মহাবিদ্যালয়ত । ৰহনৰ দেউতাক পেচাত এজন খেতিয়ক নিজৰ মাটি বুলিবলে ৩ বিঘামান ৰুৱনি মাটি গাৱতে অাছে বাকি অানৰ মাটিতে অাইধাৰী খেতি কৰি পৰিয়ালটোক পোহপাল দিয়ে অাৰু তেওঁৰ মাক গৃহিনি কেতিয়াবা কেতিয়াবা ৰহনৰ দেউতাকক খেতিৰ কামত সহায় কৰি দিয়ে ।
      কেইবছৰমান অাগৰ কথা ৰহন মেট্ৰিক পৰীক্ষাত চেকেণ্ড ডিভিজন স্হান লাভ কৰি উত্তিৰ্ন হল ……(ৰহন অানন্দমনে ঘৰলৈ অাহি মাকক মাতিব ধৰিলে)

ৰহনঃ মা মা ও মা কত ন মৰিলে  (অাকৌ চিঞৰি) ও মা মা!

ৰহনৰ মাকঃ (পিছফালৰ বাৰিৰ পৰা খৰদৰকে দৌৰি অাহি) ও বাবু অাহিলে পিছে ৰিজাল্ট কেনে হল ?

ৰহনঃ ৰিজাল্ট ভালে ছেকেণ্ড ডিভিজন ।

ৰহনৰ মাকঃও হয় নি (অানন্দত অাত্মহাৰা হৈ বাৰিৰপিনে মূখ কৰি) হেৰি শুনিচানে হেৰি ও অামাৰ লৰাটোৱে ছেকেণ্ড ডিভিজন পালে হেনো ।

ৰহনৰ দেউতাকঃ (অানন্দ মনে বাৰিৰ পিছফালৰ পৰা কানন্ধত গামচা খন লৈ চোতাললৈ অাহি) ওহ হয় নি পিছে মই যিটো শুনিছো সেইটোৱে হয় নে ৰহনৰ মাক !

ৰহনৰ মাকঃ ও হয় হয় ! পিছে অাপোনী বা কি শুনিলে ?

ৰহনৰ দেউতাকঃ এহ তুমিয়ে চোন কলা কিবা বোলে ছেকেণ্ড ডিভিজন নে কি ?

ৰহনৰ মাকঃ এ অাপোনীও যে অাৰু মই বা অধনিৰে পৰা কি কৈ অাছিলো ।  সেইটোৱে হয় ছেকেণ্ড ডিভিজন ।

ৰহনৰ দেউতাকঃ হব হব বেছি ফূটনি মাৰব নেলাগে হেৰি নহয় বোপা যা হাট মূখ খন ধুই ল তোৰ বাবে মাকে কিবা এটা বনাই থৈছে খাইলগে ।

ৰহনৰ মাকঃ ওও তুমি ভালপোৱা পোলাউবিধ ক্ৰিছ মিছৰে ।

ৰহনঃ (ওলপ খঙৰে) হব হব পলাউৰ কথা পিছত অাগতে যিটো কৈছিলে সেইটো কৰ

ৰহনৰ মাকঃ ওহ অামি বা কি কৈছিলো ?

ৰহনৰ দেউতাকঃ ওহ টো কিবা কৈছিলো !

ৰহনঃ (খঙৰে) কি পাহৰিলাই নেকি তোমালোকে পাহৰিলেওঁ মই পাহৰা নাই তোমালোক দুয়োজনে কোৱা নাছিলে জানো যে মই ভালকে মেট্ৰিক পাছ কৰিলে মোবাইল এটা দিয়াৰ কথা !

ৰহনৰ মাকঃ ওহ সেইটো কথা তাকে ইমান খঙত খাই কব লাগে নে বাবু

ৰহনৰ দেউতাকঃ ওহটো ইমান উত্তেজনা হোৱাৰ ন কি কাৰন ; পিছে কিমান মাননো পৰিব তোৰ সেই মোবাইল নে কিটো ?

ৰহনঃ (অভিমান কৰি) পোন্ধৰো হেজাৰ ।

ৰহনৰ মাক-দেউতাকঃ ( চক খাই উঠি কয়) পোন্ধৰো হেজাৰ ।

ৰহনৰ মাকঃ ও বোপাই অামিনো ইমানকোন টকা কত পাম ?

ৰহনঃ (উত্তেজনা হৈ) মই সেইবোৰ নেজানো মুধৰ ওপৰত মোক মোবাইল লাগে লাগেই ।

ৰহনৰ দেউতাকঃ (গহিন হৈ) ইমান দামৰ মোবাইল দিয়াৰ অামাৰ সাধ্য নাই অামি অাকৌ ভাৱিছিলো তোমাৰ সেই বস্তুতো দুই তিনি হেজাৰ মানত পোৱা যাব নেকি পিছে ইমানকোন টকা মই অাজিলৈ একেলগে দেখিয়েই পোৱা নাই এতিয়া তোক কেনেকৈ দিও তুমিয়ে কোৱাচোন ।

ৰহনঃ (খঙৰে) মই সেইবোৰ নাজানো মুধতে মোক মোবাইল লাগিব অাৰু লাগিবই ……।


দিন পাৰ হৈ গল ৰহনৰ অত্যাচাৰ ঘৰত লাহে লাহে বাঢ়ি গল অত্যাচাৰৰ সীমা পাৰহৈ এদিন হাটখন ব্লেদৰে কাটি তাত নিমখ লগাই দিলে কটাৰ দূখবোৰ সৰ্য্য কৰিব নোৱাৰি জ্বৰে জ্বৰে চিঞৰিব ধৰিলে তাৰ চিঞৰ শুনি মাক দৌৰি অাহিলে……

ৰহনৰ মাকঃ  (তাৰ সেই দৃশ্য দেখি কান্দি কান্দি ) ও বোপাই তই এনেখন কিয় কৰিলি ও বোপাই।

ৰহনঃ (খঙৰে) এয়াটো মোৰ অাৰম্ভনী হে যেতিয়ালৈ মোবাইল নিদিয়া তেতিয়ালৈ মই এনে কাম কৰিয়ে থাকিম ।

ৰহনৰ মাকঃ (নম্ভ্ৰতাৰে) ৰবা চোন বোপাই তেনে কথা কব নেপাই নহয় অাজি ৰাতি তোৰ বাপেৰৰ লগত কথা পাতিম ।

ৰহনঃ(খঙৰে) কথা পাতিম নহয় মুধৰ ওপৰত মোক পোন্ধৰো হেজাৰ টকীয়া মোবাইলফোন লাগিবৈ।

ৰাতি ভাত খোৱাৰ সময়ত ৰহনৰ দেউতাক অাৰু মাক …

ৰহনৰ মাকঃ  (ভয়ে ভয়ে) হেৰি কথাটোনো কি ভাবিলে …

ৰহনৰ দেউতাকঃ (খঙত) ভাবিবলৈ কি অাছে যিকন টকা মই অাজিলৈ দেখিয়ে পোৱা নাই সেই টকাৰ দামৰ ফোন মই কৰ পৰা দিও মই দিব নোৱাৰো সি কত মৰে মৰগৈ ।

ৰহনৰ মাকঃ (গহিন ভাৱে) হেৰি কওতে ত কথাষাৰ মূখৰে কলে অন্তৰৰে ত কব নোৱাৰি যিয়ে নহওক সিয়ে অামৰ একমাত্ৰ লৰা তাৰ যদি কিবা এটা হয় মই কিন্তু নিগমে মৰিমগে

ৰহনৰ দেউতাকঃ  (কান্দি কান্দি) এফালে লৰাৰ চিন্তা তাতে অাকৌ তোমাৰ এয়া কথা মোৰ কি মন নেযায় নেকি নিজ পুত্ৰৰ প্ৰতিটো ইচ্ছা পূৰন কৰিবলে ।

ৰহনৰ মাকঃ (চকু পানী তুলকি) তাৰ দূখ মোৰ সৰ্য্য নোৱোৱা হৈছে অাজি হাট কাটিলে কালি যদি কিবা এটা হৈ যায় ………

ৰহনৰ দেউতাকঃ (ধমকি মাৰি) ৰবাচোন তেনেকুৱা অমংগলিয়া কথা কৈ নাথাকিবা শুন মই কথা এটা ভাৱিছো ।

ৰহনৰ মাকঃ কি কথা?

ৰহনৰ দেউতাকঃ অামাৰ যে সেই হালৰ গৰু দুটা অাছে সেইদুটা অাজি বেপাৰিক দেখুৱাইছিলো বেপাৰিয়ে ৩০ হেজাৰ টকা দিছে ভাৱিছো তাকে বিক্ৰি কৰি দিম তাৰ মোবাইলটোও অাহিব লগতে ৫-৬ হেজাৰ মান টকাৰ যিখিনি ধাৰ অাছে তাকো মাৰিব পাৰিম অাৰু বাকি খিনি তাৰ পঢ়াত লগাম ।

ৰহনৰ মাকঃ পিছে কথাটো ভাল হব জানো এই শাওন মাহ পৰিবৰ হলেই কিহৰে ন হাল বাবি ?

ৰহনৰ দেউতাকঃ(নিশ্চাশ পেলাই) এৰা প্ৰবিন নবিন হঁতৰ টেঙা কেহা কথা শুনি হলেও তেওলোক কোনোবা এজনৰ গৰুৰে হাল বাম লৰাতকে ত কথাষাৰ ডাঙৰ নহয় তাক ক গৈ যা কালি অাবেলি মোবাইলটো অানিবলে মই পুৱাতে বেপাৰিৰ পৰা টকা লৈ অাহিম ।

ৰহনৰ মাকঃ ঠিক অাছে অাপোনী যি ভাল দেখে !


হালৰ গৰু বিক্ৰি কৰি ৰহনক মোবাইলটো মাক-বাপেকে অানি দিলে । নতুন মোবাইল পাই অানন্দত মতলিয়া ৰহন ! ৰহনে নতুনকে ফেচবুক অাইদি এটা বনালে দিনে ৰাতি মোবাইলতে বেষ্ট হৈ থাকে ফেচবুকত নতুন নতুন ফ্ৰেইণ্ড লগ পালে ফেচবুকত ফ্ৰেইণ্ডৰ সংখ্যা বহুত বাঢ়িলে গতেইখন ভাইৰ ওপৰত ভাই টাইমলাইলনত ষ্টেতাচ চাহে বাৰিচ হ ইয়া বৰচাত ৰাহেগি হামাৰি ফ্ৰেইণ্ডচিপ ফৰএবাৰ । কলেজত নাম লগালে তাতেও নতুন নতুন বন্ধু বান্ধৱী লগ পালে মুধৰ ওপৰত ৰহনৰ লাইফষ্টাইল সকলো চেইনচ হৈ গল তাৰ লগৰ বোৰ বেছিভাগেই ধনী ঘৰৰ তেওলোকৰ লগত ফেৰ মিলাবৰ বাবে ৰহনৰ ইমান টকা নাই সেইবাবে টকাৰ প্ৰয়োজনত ঘৰৰ হাঁহ ছাগলী কনী অাদি বিক্ৰি কৰি হলেওঁ সিহঁতৰ লগত ফেৰমিলাইগে গতেই দিন বন্ধু বান্ধৱীৰ লগত অাৰু মাজৰাতিলৈ মোবাইলত সময় কটাই পৰিয়ালত সময় দিবলৈ ৰহনৰ সময়ৰ অভাৱ l

ৰহনঃ (ঘৰৰ ভিতৰৰ পৰা চাৰ্টৰ বুতাম দি দি ওলাই) মা মা পিতাই ও পিতাই চেহ কত যে গল নহয় ও মা মা …… ঠেৎ তেৰি কত ন গৈ থাকে ইফালে কলেজলে দেৰিয়ে হব নহয় ও মা মা ।

ৰহনৰ মাকঃ ও বাবু কি হল ন

ৰহনঃ অধনিৰে পৰা যে টেতুফালি চিঞৰি অাছো শুনা নাই নেকি ?

ৰহনৰ মাকঃ এতিয়া কবিনে কিয় মাতি অাছা ।

ৰহনঃ টকা ৫০০ মান লাগিছিলে

ৰহনৰ মাকঃ ৫০০ টকা বাপেৰৰ কি গছত লাগি অাছে নেকি টকাবোৰ অাৰু তোক ন কিহৰ প্ৰয়োজন হল ৫০০ টকা লাগে যে

ৰহনঃ টকা দিবি নে নাই সেইটো ক

ৰহনৰ মাকঃ থাকিলে হে নেথাকিলে কৰ পৰা দিম

ৰহনঃ কিয় গৰু বিক্ৰি কৰি পোৱা টকা খিনি কি হৈ গল

ৰহনৰ মাকঃ গৰু বিক্ৰি কৰি মোবাইলটো লৈ দিলো এতিয়া কি তাৰ বাকি থকা টকাখিনিকো তোক লগা হলনে

ৰহনঃ ও অাছে যদি দে লগৰ কেইটাৰ লগত ওলপ ফূৰিব যাওঁ মানে ফটো উঠিব তাতে কি ওলপ হাট খৰচ নেলাগিব নেকি?

ৰহনৰ মাকঃ ক'ত কি কৰিব যোৱা গৈ থাক তোক টকা দি দি ঘৰৰ হাঁহ কুকুৰা ছাগলী সকলোবোৰ বিক্ৰি কৰি দিলো এতিয়া গৰু বিক্ৰি কৰি পোৱা টকাখিনিৰ পাচ হেজাৰ টকা অাছে সেইখনি ৰমেন কাই হতৰ পুৰনি ধাৰ মাৰিব অাছে তোক ত সেইখিনি দিব নোৱাৰো নহয় ।

ৰহনঃ মোক তাৰ পৰা ৫০০ টকা দে সেইখিনি টকা মিলাবৰ বাবে পিতাইক ধান বেছিব যাব কবি ।


ৰহনৰ দেউতাক বাটৰ পৰা অাহি ঘৰলৈ সোমাওতেই সেই কথা খিনি শুনা পায়

ৰহনৰ দেউতাকঃ (খঙত অাবেগিক হৈ) ঐ তোক কি লাগে হা গৰু গল ছাগলী কুকুৰা হাহ গল তোৰ চখ পুৰাবৰ বাবে প্ৰায় শেখ হৈ গল সকলোবোৰ এতিয়া কেৱল তই অামাক বিক্ৰি কৰিব বাকি ও অামাক ।

ৰহনঃটকাখিনি কত অাছে সেইটো ক মোৰ লগৰবোৰ সকলোৱে ৫০০-৬০০ টকালৈ কলেজ অাহে অাৰু মই দহ বিচ টকা লৈ মোৰ কিবা লাজ নেলাগে নেকি ( ঘৰৰ ভিতৰলৈ গৈ বাকচ ত দাৰে কবাই ভাঙি তাৰ ৫০০ টকা লৈ যায়)

      ৰহনৰ মাক-বাপেক কান্দ কান্দি

ৰহনৰ মাকঃ এয়া চপ চপ অামাৰ পাপৰ ফল নেকি সি জনমত অামি কিবা পাপ কৰিছিলো নেকি যাৰ বাবে অামি অাজি এইদিন দেখিব লগাত পৰিল প্ৰভূ ।

ৰহনৰ দেউতাকঃ ভগৱানক ন কিয় দোষ দিয়ে দোষটো অামাৰে হল তাক জনম দি দোষ অামাৰে দৰিদ্ৰ হোৱাৰ বাবে ভগৱান দোষ দি একো লাভ নাই ।

   ৰহন কলেজত ……

ৰহনঃ এ ভাই বোলা অাজি ওলপ পাৰ্টি কৰোগে ।

ৰহনৰ বন্ধুঃ পিছে কিহৰে

ৰহনঃ অামাৰ ন কি ব্ৰাণ্ডি নাইবা হুইছকি হলেই হল ।

ৰহনৰ বন্ধুঃপিছে মালৰ খৰচ অাজি তোৰ চাকনা অামাৰ …

ৰহনঃ হব ভাই পিছে ভাই এটা কথা মোৰ চোন ফেচবুকত দিবলে ফটোক নহোৱা হৈ গৈছে এক কাম কৰিবাচোন অহাকালি অামাৰ গাওত কিবা এটা অনুষ্ঠান অাছে তাতে কেই কপিমান ফটোক উঠিম তোৰ কেমেৰাটো পুৱাতে লৈ যাব লাগিব ।

ৰহনৰ বন্ধুঃ ভাই চিন্তায় নকৰিবা তোমাৰ বিপদ হৈছে অামি অাছো নহয় সহায় কৰিম দিয়ক ।

  ৰহনঃ থেংকিউ থেংকিউ ভাই তোমালোক হে মোৰ সচা বন্ধু অাই লাভ ইউ ব্ৰ ।

          তিনিমাহ পাৰহৈ গল ৰহন ফেচবুকত অাৰু বেছি দিপলি অনলাইন থকা হল

       ৰহন পুৱা ৮ বজালৈ শুই অাছে তাৰ দেউতাকে দুৱাৰত ধুক ধুকাই মাতি অাছে

ৰহনৰ দেউতাকঃ ঐ বোপাই বোপাই ও উঠ চোন

ৰহনঃ(টোপনিত লালকাল হৈ ) শুবলে দে না কালি ৰাতিদুপৰলৈ শুৱা নাই ।

ৰহনৰ দেউতাকঃ ঐ উঠচোন অাঠ বাজিলেই

ৰহনঃ (চক খাই উঠি ঘৰিটো চায়) কি অাঠটা হলগে চেহ দেৰিয়ে হল ।(দৌৰা দৌৰিকে উঠি)
  ও পিতাই কিয় মাতি অাছিলে

ৰহনৰ দেউতাকঃ বোলাচোন মোক সেই পকি ৰাষ্টাৰ তালৈ ঠেলা খন ঠেলি দি অাহগৈ ……

ৰহনঃ (বহুত বেষ্ট মানুহৰ দৰে) পিতাই অাজি নোৱাৰিম নহয় অাজি মই পাৰ্কত ফটো উঠিবলৈ যাও দেৰিয়ে হল লগৰ বোৰ চাগে ওলালেই ।

ৰহনৰ দেউতাকঃ কিবা কলেজৰ কামত লাগে নেকি ফটো ?

ৰহনৰঃ(গৰ্বৰে কয়) নহয় নহয় ফেচবুকত দিবলৈ ।

ৰহনৰ দেউতাকঃ ওহ এই নামটোতো শুনিছো কিন্তু বস্তুটোহে বুজি পোৱা নাই কি বস্তু ন সেইটো ।

ৰহনঃ(যিজন মানুহে কোনো দিন মাক বাপেকক ভালকে কথা পাতি পোৱা সেইজনে নম্ভ্ৰতাৰে বাপেকক বুজাব ধৰিলে) এ চাচোন সেইখিনিকে বুজি নেপায় ফেচবুক হল এটা চচিয়েল নেটৱৰ্ক যত শ শ চিনাকি অচিনাকি বন্ধু বান্ধৱী লগ পোৱা যায় বা বনোৱা হয় অাৰু তাতে ফটো দিয়া হয় যত লাইক কমেণ্ট পোৱা যায়  মেচেজৰ জৰিয়তে অচিনাকিৰ লগত  চিনাকী হোৱা যায় অাৰু চিনাকিৰ লগত সূখ দূখৰ বাৰ্তালাপ কৰিব পৰা যায় সেয়াই অাৰু ।

ৰহনৰ দেউতাকঃ ওহ কথাচোন তই অামাৰ লগতো বা সমনিয়াহতৰ লগতো পাতিব পাৰা যিমান মোৰ চিন্তায় ধুকি পায় ফটো দিয়া কিবা দিয়া এইবোৰতটো নিশ্ছয় টকা নপোৱা বৰঞ্ছ নষ্টহে কৰা সময় অবাত খৰচ কৰা ।

ৰহনঃ এহ তুমি সেইবোৰ নুবুজিবা মই অাহো ।

ৰহনৰ দেউতাঃ সকলো বুজো ও বোপাই সকলো বুজো পাৰিলে এই ফেচবুক নামত বস্তু বিধৰ পৰা অাতৰত থাক জীৱনত বন্ধু হেজাৰ জন নহয় বনালে ২-৩ জনে বনোৱা ভাল বন্ধু বনোৱা ফূটকাৰ ফেনৰ দৰে বন্ধু অানন্দত হেজাৰ অাহিব কিন্তু সময়ত সকলো লুকাব।

ৰহনঃ(খঙত) তোমাৰ লেকাচাৰ শুনিবলে মকৰ সময় নাই অাহো মোৰ দেৰিয়ে হল । অাৰু এটা কথা মনত ৰাখ মই যদি ফেচবুকত এটা ষ্টেতাজ দি দিও হেজাৰ জন মোৰ কাষত থিয় হব বুজিছো ।

           তিনি চাৰি মাহ পাৰহৈ গল ৰহন নতুনকে প্ৰেমত পৰিলে চুলি ক্লাৰ কৰা খিমমিন ষ্টাইলিছ ছোৱালী এজনীৰ । সিহতৰ প্ৰেম চুনু মুনু ধুনু কে প্ৰায় ৮ মাহ পাৰহৈ গল অাচল ঘটনা এতিয়া হে লাগিলে --

           দুয়ো ফোনত

ৰহনঃ হেল্ল বেইবি কি কৰি অাছা ন

ৰহনৰ জি:এফঃ নাই এনেই বিচনাত শুই তোমাৰ কথা ভাৱি

ৰহনঃনকবা অাৰি

ৰহনৰ জি:এফঃ (মিচিকি হাহি মাৰি অাৰু বহুত ডাঙৰ ঘটনা এটা হোৱাৰ দৰে) হেৰি নহয় এটা কথা হল

ৰহনঃকি কথা ও বেইবি ?

ৰহনৰ জি:এফঃ অাজি নহয় মই বিচনাত শুই থাকোতে জেঠি এটা অাহি মোৰ গাত পৰিলে মই যে ইমান ভয় খালো না…………

ৰহনঃওহ হয় নেকি ভয় নকৰিবা চোন মই অাছো নহয় ।

ৰহনৰ জি:এফঃ (অাদৰিয়া মাত উলাই) বেবি……

ৰহনঃউমম বেবি ক

ৰহনৰ জি:এফঃ কথা এটা কও হা

ৰহনঃ ক বেবি

ৰহনৰ জি:এফঃ মোৰ নহয় লগৰ বান্ধৱী কেইটাৰ গতেই কেইতাৰ বয়ফ্ৰেণ্ডৰে বাইক অাছে অাৰু না গতেই কেইটাকে ভাল ভাল গিফ্ট দিছে

ৰহনঃহুমম তোমাকো লাগিব নেকি বেবি ,,

ৰহনৰ জি:এফঃ উমম বেবি …

ৰহনঃ হব দিয়া বেবি দেউতাৰ অহা মাহৰ দৰমহাটো পালেই তোমাক এটা গিফ্ট অাৰু এখন বাইক লম (ৰহনৰ তাৰ দেউতাক চাকৰি কৰা বুলি সকলোকে ফাকি দিচে)

ৰহনৰ জি:এফঃ উমম মোৰ চুনু মুনু খিনি অাই লাভ ইউ বেবি

ৰহনঃ ইউ তু বেবি

ৰহনৰ জি:এফঃ ও বেবি তোমাৰ দেউতা কি চাকৰি কৰে

ৰহনঃ মোৰ দেউতা ড° কৰে

ৰহনৰ জি:এফঃ ওহ অাতচা ও বেবি ৰবা হা মায় মাতি অাছে ফোনটো ৰাখো হা বাই

ৰহনঃওকে বেবি বাই কল কৰি অাছো ওলপ পিছত ।


  কিছু সময় পিছত ৰহন ঘৰৰ পৰা ওলাই

ৰহনঃ(ওলপ খঙত) ও মা পিতাই মোক এখন বাইক লাগে

ৰহনৰ দেউতাকঃ(খঙত) কি তোক বাইক লাগে ঐ এটা কথা ভাৱি চোৱা উচিত তই তৰ যে এই মোবাইলটো লই ফূৰিছো এইটোও গৰু বিক্ৰি কৰি লোৱা বুজিচ অাৰু ঘৰত যে তেল লিমখ খাই খিনি অাছা সেইখিনিও শাক পাচলি বিক্ৰি কৰি পোৱা টকাৰ অাৰু তোক বাইক লাগে ,,

ৰহনঃ (খঙত চিঞৰি) মই সেইবোৰ গম নেপাওঁ মুধৰ ওপৰত মোক বাইক লাগে অাৰু লাগিবই

ৰহনৰ মাকঃ (উত্তেজিত হৈ) ঐ তোৰচোন চাইকেল খন অাছেই অাৰু কলেজ খনো বেছি দূৰ নহয় ১৫ কিলোমিতাৰ মান হে হব অাৰু তাতে তই চকৰ পৰা গাৰিৰে চোন যোৱায় তোক অাকৌ গাড়ি কিয় লাগে হা

ৰহনঃ মোৰ গতেই লগৰ বোৰ কলেজত বাইক লৈ অাহে মই কি চাইকলৰে যাম নেকি?

ৰহনৰ দেউতাকঃ মই এইবাৰ বাইক দিয়াত নাই এবাৰ গৰু বিক্ৰি কৰি মবাইল দি অানৰ কথা শুনি খূজি মাগি গৰু অানি মাটি চহাও হি যদি গাড়ি লাগে নিজে ইন্কাম কৰগে যা।

ৰহনঃ মোক ১০ দিনৰ ভিতৰত বাইক নিদিলে কিন্তু কথা বেয়া অাছে চাবি কৈ থলো ।

      তেনেকে ৰহন ঘৰত সদায় কাজিয়া কৰে ৰাতি ৰাতি মদ খাই অাহি অত্যাচাৰ কৰে চিয়াৰ ভাঙে কিবা ভাঙে ভাতৰ কাহি দলিয়াই দিয়ে কি কি যে কৰে কৰে অাৰু

      ৫ দিন যোৱাৰ পিছত

ৰহনৰ জি:এফঃ হেল্ল জানু

ৰহনঃউমম বেবি ক

ৰহনৰ জি:এফঃ কি কৰি অাছা জানু

ৰহনঃনাই এনে দেউতাৰ লগত ওলপ ব্যৱসায়ৰ মিতিং কৰি অাছো

ৰহনৰ জি:এফঃ ও  অাতচা পিছে বাইক খন কেতিয়া লবা ও অাৰু শুনাচোন অহা নহয় মাহত মোৰ বাৰদে তুমি কিন্তু মোক কিবা এটা ভাল গিফ্ট দিব লাগিব ।

ৰহনঃ বাইক খন কেইদিনমান পিছত ৰবা অাৰু তোমাৰ বাৰদেৰ বাবে ধুনীয়া এটা গিফ্ট মই ভাৱি থৈছো ।


ৰহনৰ জি:এফঃ হয় নেকি জানু অাতচা ওকে বাই ৰাতি কল কৰি অাছো ।

ৰহনঃউম হব বাই ।

     ৰাতি পুনৰ কাজিয়া লাগিল ৰহন মাক দেউতাকৰ লগত

ৰহনঃ(চিঞৰি খঙৰে) মোক বাইক দিবি নে নাই ক

ৰহনৰ দেউতাকঃ হেজাৰ বাৰ চিঞৰি কলেও নিদিও

ৰহনঃ সেইবাবে মই নিজে কথা এটা ভাৱিছো

ৰহনৰ দেউতাকঃ(খঙত হাহি) ভাল কৰিছো কৰ তই কি কৰা অামি কিন্তু তোক বাইক দিয়াত নাই ।

ৰহনঃ বাইক দিব নেলাগে অামাৰ যে ৰাষ্টাৰ কাপৰ মাটি দঘৰ অাছে তাৰে এবিঘা বিক্ৰি কৰিম অহাকালি মানুহ অাহিব কেৱল তহতৰ হাটৰ চহীটো দিবা

ৰহনৰ মাকঃ(কান্দি কান্দি খঙত) কি কলি কি কলি তই হা তই মাটি বেছিবি হা তই ভাৱি চাইচনে তই কি কথা কৈছা

ৰহনঃ ওহ মই মাটি বেছিম অাৰু মই ভাৱিও চাইছো  অাৰু এটা কথা যদি কিবা লতি ঘতি কৰো তহতে কিন্তু মোৰ মৰা মূখ দেখিবি কৈ থলো ।(তেনেকে কৈ পেলাই বাহিৰত ওলাই গল )

       ৰহনৰ মাক চতালত অাৰু দেউতাক বাৰন্দাৰ খূটিত গা লগাই মনৰ বেজাৰত কান্দি কান্দি

ৰহনৰ মাকঃ এয়া কি অন্যায় প্ৰভূ কি অন্যায়
হেৰি শুনিছেনে অামাৰ লৰাটোৱে কি কথা কৈ গল এই কথাষাৰ শুনিবলৈয়ে অামি তাক ইমান মৰমত ডাঙৰ কৰিলো নে

ৰহনৰ দেউতাকঃ হেৰা কৰক দে সি কি কৰে কৰক অামাৰ ন কি এই জগতত ন কিমান থাকিম অাৰু ।

              ৰাতি পুৱা

ৰহনঃ(শুই উঠিল অাৰু উঠিয়ে তাৰ মাক বাপেক হালক বহি থকা দেখিলে ৰহনে মন নিদি হাট মূখ ধুই ললে)

ৰহনৰ দেউতাকঃ ঐ বোপাই অাহ চোন ইয়াতে বহি ল

ৰহনঃ(খঙ মনে) কি ক?

ৰহনৰ মাকঃ অাগতে বহিটো ল

ৰহনৰ দেউতাকঃ তই তেনেহলে সিদ্ধান্তটো লৈ পেলালাই

ৰহনঃ(খঙ মনে) ও অাৰু তহতে কিন্তু মোক বাধা নিদিবি নহলে মনতটো অাছেই  কি কৈছিলো

ৰহনৰ দেউতাকঃ অাছে অাছে অামি ইমানো মূৰ্খ নহয়

ৰহনঃ এতিয়া কবি নে কিয় মাতিছিলে

ৰহনৰ দেউতাকঃ তইটো মাতি খিনি কিনিবৰ বাবে মানুহ অাহিব কৈছায় বাৰু অামাৰ বাধা নাই কিন্তু পিছত তই কৰা ভূলৰ বাবে অামাক দোষাৰপ নকৰিবা কথা দে

ৰহনঃ হব হব নকৰো যা ।

 
      ৰহন মাটি বিক্ৰি কৰি বাইক এখন ললে অাৰু তাৰ প্ৰেয়সীক বাইক কিনাৰ অানন্দত সৰু পাৰ্টি এটা দিলে কোনোবা ৰেষ্ট্ৰৰেণ্টত

ৰহনৰ জি:এফঃ ও বেবি অাজি জানা মই বহুত হেপি তই যে মোৰ প্ৰতিটো কথায় মানা উমমমমা অাই লাভ ইউ বেবি

ৰহনঃ এইখিনি ন কি মই ত তোৰ বাবে মৰিবলৈও সাজু

ৰহনৰ জি:এফঃ সেইবাবেটো মোৰতোক ভাল লাগে ।

     
         ইফালে ৰহনৰ ঘৰত

ৰহনৰ মাকঃ (বেজাৰ মনত) অামাৰ যে লৰাটো কিয় এনে হল হয়নে বাৰু

ৰহনৰ দেউতাকঃ কি কৰিবা এয়া অামাৰে কপালৰ দোষ সেইবোৰ বাদ দে সেইবোৰ ভাবি থাকি একো লাভ নাই তাৰ এতিয়া ডেকা যৌবন তেজ তাৰ বাবে সকলো কামেই ভাল এনেওটো তাৰ সূখে অামাৰ সূখ হয় নে নাই

ৰহনৰ মাকঃ সেইটোতো হয় ……



      ২০ দিন মান পিছত অাজি ৰহনৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্দে সেইবাবে ৰহন পুৱাতে উঠি গা পা ধুই তাৰ গাৰ্লফ্ৰেণ্ডৰ বাবে এটা মবাইল লবলৈ টাউনলৈ ওলালে পিছে ৰহনৰ মাকৰ যোৱাৰাতিৰে পৰা খূপ জ্বৰ হৈ অাছে সেইবাবে

ৰহনৰ দেউতাকঃ ও ও বোপাই টাউনৰ পিনে যায় নেকি

ৰহনঃ ও কিয়।বা?

ৰহনৰ দেউতাকঃ এই টকা ১০০ ল চোন তোৰ মাৰৰ খুব জ্বৰ হৈছে ওলপ দৰপ অানি দিবাচোন সংকালে

ৰহনঃএ জ্বৰ হে হৈছে ভাল হৈ যাব দিয়া ।  মই ৰাতি লৈ অাহিম দিয়া এতিয়া মোৰ খূব ইমপৰ্তেন কাম এটা অাছে কৰি থৈ অাহোগে ৰ


     চহৰ পাই ৰহনতৰএটা বিপদ হল মানে তেওৰ হেনলেত লাইচেন্ছ অাদি নথকাৰ বাবে  ট্ৰেফিক পুলিছে তাক ৰখাই থৈছে ইতিমধ্যে তিনি ঘণ্টা পাৰ হৈ গল এতিয়াও তাক ৰখাই থৈ অাছে পিছে ৰহনে বহুত কিবা কিনি মেনেজ কৰাৰ পিছত অাবেলি ২ বাজি মানত এৰি দিলে ইফালে তাৰ গাৰ্লফ্ৰেণ্ডৰ কলৰ ওপৰত কল

ৰহনৰ জি:এফঃ (খঙত) তোক ইমানপৰৰ পৰা কল কৰি অাছো তই ৰিচিভ কৰা নাই কিয় ?
ৰহনঃ (সকলো কথা ভাঙি কলে)

ৰহনৰ জি:এফঃ হব হব চাৰি বাজি মানত মই কেক কাতিম তই কিন্তু অাহি পাব লাগিব অাৰু যদি নেপাও তই মোক পাহৰি যোৱায় ভাল

ৰহনঃ শু শু শুনাচোন বেবি

    ফোনটো কাটি দিলে

ৰহন মোবাইল বাচি কিনোতে কিনোতে ৩:১৫ মান হৈয়ে গল ইফালে চাৰি বজাৰ অাগত গৈ পাব লাগে মোবাইলটো তুৰন্ত কিনি বাইক স্টাৰ্ত কৰি বহুত স্পিদৰে চলালে  কিন্তু বিধিৰ বিধান ৰহনৰ এটা ৰাষ্টাতে এক্সিডেণ্ট হৈ গল ইফালে তাৰ মাকৰ জ্বৰটো বহুত বেছি হোৱাত তাইক তাৰ বাপেকে হস্পিতালত ভৰ্তি কৰালে ৰহনৰ মাকৰ কানত থকা সোন বিক্ৰি কৰি । ৰহন বেছি দূখ পোৱা নাই কিন্তু বেহুচ হৈছিলে ৰহন চকু মেলিয়ে তাৰ বাপেৰক দেখেহি

ৰহনৰ দেউতাকঃ কি ভাৱিছো মই ইয়াত কেনেকৈ তোৰ মাৰক ইয়াতে ভৰ্তি কৰিছো জ্বৰটো বহুত বেছি হৈছে পিছে জ্বৰ নহয় কিবা বেলেগ হে হৈছে তাৰ চিকৎসাৰ বাবে টকাৰ প্ৰয়োজন এতিয়া

ৰহনঃ মা মা মা এতিয়া কেনে পাইছে

ৰহনৰ দেউতাকঃ ওলপ ভাল পাইছে যদিও অপেৰচন কৰিব লাগিব তাৰ বাবে টকাৰ প্ৰয়োজন

ৰহনঃ কিমানমান ন লাগে ?

ৰহনৰ দেউতাকঃ ৫০০০০

ৰহনঃ মোৰ লগত ৩৫০০০ হেজাৰমান হে অাছে

ৰহনৰ দেউতাকঃ এটা কাম কৰাচোন তোৰ সেই ফেচবুকৰ বন্ধুবোৰৰ তাতে খূজি চা চোন

ৰহনঃ ও ৰবা চেষ্টা এটা কৰি চাওঁ

           ১৫ মিনিট যোৱাৰ পিছত সকলোৰে ৰিপলাই অাহিলে নাই ব্ৰ নোৱাৰিম দিব কোনোবাই অাকৌ এহ ব্ৰ ওলপ ওলপ অাগত কলেই মই দিব পাৰিলো হেতেন কিন্তু এতিয়া নোৱাৰিম বেলেগক দি দিলো ।
     ৰহন ওলপ ইমচনেল হৈ গল
এতিয়া তাৰ এটাই ৰাষ্টা অাছে তাৰ জিএফ জিএফক কল লগালে

ৰহনৰ জি:এফঃ (বহুত খঙত) কি এতিয়া হে মনত পৰিলে নেকি?

ৰহনঃ নহয় বেবি মোৰ মানে মানে

ৰহনৰ জি:এফঃ কি মানে মানে চুপ থাক কাহানী বনাবলৈ চেষ্টা নকৰিবা

ৰহনঃ শুনাচোন বেবি মোক ইমিদিয়েত ১৫০০০ টকা দিব পাৰিবিনে ?

ৰহনৰ জি:এফঃ ও হ হ  কথা সেয়া তাৰ মানে তই মোক টকাৰ বাবেহে ভালপাইছিলা হা  অাজিৰ পৰা তোৰ মোৰ ৰিলিচন শেষ অাজিৰ পৰা অাৰু মোক ফোন নকৰিবা

ৰহনঃ শুনাচোন ……বেবি

ৰহনৰ জি:এফঃ বেবি মাই ফূট (বুলি কৈ ফোনটো ৰাখিলে)

ৰহনৰ দেউতাকঃ কি বোপাই কোনেও নিদিলে
ৰহনঃ নাই

ৰহনৰ দেউতাকঃজানো কোনো কাৰো অাপোন নহয়

ৰহনঃ(কান্দি কান্দি) পাৰিলে মোক পিতাই ক্ষমা কৰি দিবি ও পিতাই মই অাচলতে মানুহ চিনাত ভূল কৰিলো ভাৱিছিলো ফেচবুক,বাইক,নতুন নতুন বন্ধু এই বোৰেই সকলো কিন্তু অাজিহে বুজি উঠিলো নিজৰ অাপোনজন যে বিপদৰ সময়ত যিমান বেয়া কে কলেও সদায় থিয় হয়হি (((অাকৌ চকু পানী মুচি দেউতাকক সাবতি সাবতি কান্দিবলৈ ধৰিলে )

ৰহনৰ দেউতাকঃ ঠেৎ অকৰাটো নেপায় নহয় কান্দিব চাও চাও এয়া চকু পানীখিনি মুচা চোন অা এয়া হে

ৰহনঃ ও পিতাই মোক ক্ষমা কৰি দিবি ও পিতাই

ৰহনৰ দেউতাকঃএহ অকৰাটো বোলা তোৰ মাৰক লগ কৰগৈ

ৰহনঃ উম বোলা ……

     মাকক লগ কৰি সাবটিলৈ কান্দি কান্দি ক্ষমা খূজিলৰ

ৰহনৰ মাকঃ ধই অকৰাটো তেনেকে কান্দে নেকি

ৰহনঃ মা মা তোক অামি একো হব নিদিও মা মা তই সংকালে সুস্হ হৈ উঠিবি ও মা তেতিয়াহে অামি তিনিও একে লগে ঘৰত গৈ পলাউ খাব পাম

     ৰহনৰ দেউতাকঃ বোলা বোলা অামি এতিয়া ঘৰলৈ যাওঁ

ৰহনঃ পিছে মাৰ ওপেৰচন

ৰহনৰ মাকঃ তোক সেয়া মিচা কৈছে তোক তোৰ জ্ঞান ঘূৰই অানিবলে হে কৰিছলে

   ৰহনঃ ও হয় নি বোলা বোলা অামি ঘৰলৈ যাওঁ পলাউ খাব লাগিব নহয়।

তিনিও হাহি ওলাই অাহিলে

ৰহনৰ দেউতাকঃপিছে বোপাই এটা কথা মনত ৰাখিবা সদায়  জীৱনত বন্ধুৰ সংখ্যা কম ৰাখিবা লাগিলে শত্ৰু যিমানে নহক কিয় অাৰু নিজৰ অাত্মিয়ক সদায় সময় দিবা কাৰন নিজৰ অাপোনতকৈ অাপোন কোনো নহয়।

      ৰহন ঘৰলৈ অাহি বাকি থকা দুবিঘা মাটিকো বিক্ৰি কৰিলে পিছে এইবাৰ চখপুৰাবলে নহয় জীৱনত জিনিবলে নতুন ব্যৱসায় এটা অাৰম্ভ কৰিলে সেই মাটি বেছি লোৱা বাইক খনৰে গাৱে গাৱে ঘূৰি দুখীয়া মানুহক তাৰ ব্যৱসায়ৰ লগত জড়িত কৰিছেহি যাৰ দ্বাৰা তেওলোক স্বাবলম্বি হব পাৰিছে অাৰু লগতে নিজৰ ঘৰখনকো সূখৰে ভৰাই দিলে নতুন এটা ঘৰ সাজিলে মাটি বাৰিও কিনিলে বয়স কম হলেও কি হব তাৰ এটাই কথা বয়স মাত্ৰ এটা নম্বৰ হে ইয়াৰ বাহিৰে একো নহয় ।

Comments

Popular posts from this blog

ইচ্ছাবিহীন বিবাহ- ASSAMESE STORY, ASSAMESE LOVE STORY

অঞ্জলি অাৰু তেওঁৰ তিনি বছৰীয়া সৰু লৰাটিক লগত লৈ মাকৰ ঘৰত অালোহী খাবলৈ অাহিছে অাজি তিনিদিন মানেই হল মাকৰ ঘৰত অালোহী খাব অহা । হাঁহি ফূৰ্টিৰে মাকৰ ঘৰত অঞ্জলিয়ে তাইৰ সৰু ভনীৰ লগত বহি ৰবাব টেঙা কাটি অাছিল সেইখিনি সময়তে অঞ্জলিলে ফোন অাহিলে যে তেওঁৰ গিৰিয়েক হেনো প্ৰেচাৰ উঠি বাগৰি পৰিছে এতিয়া তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে পাৰে যদি অাজিয়ে তাইক গিৰিয়েকৰ ঘৰলৈ যাবলৈ কল । অঞ্জলিৰ মনটো ওলপ বেয়া লাগিল যদিওঁ টেঙাটো খাই নিচিন্তমনে সস্ঠিৰ হৈ গা-পা ধুই ঘৰত যাবলৈ ওলালে অঞ্জলীৰ বাপেকে তিনিঅালিৰ পিনে অাগুৱাই থবলৈ চাইকেলখন উলিয়ালে পিছে বাটতে ৰমেন নামৰ লৰা এজনক লগ পাই তাৰ বাইকতে অঞ্জলীক তুলি দিলে যিহেতু ৰমেন চহৰৰ পিনে যায়ে সেইবাবে তাৰ বাইকতে অঞ্জলীক তুলি দিলে । ইফালে অঞ্জলীৰ গিৰিয়েকৰ মৃত্যু কেতিয়াবায় হৈছে ফোন কলটো অহাৰ অাগতে কিন্তু অঞ্জলীৰ মনৰ ভাৰসাম্যতা ৰাখিবৰ বাবেহে হস্পিতালত থকা বুলি কৈছে …… সময় তিনি ঘণ্টা উকলিগল অঞ্জলী ঘৰগৈ পোৱা নাইহে নাই ইফালে মৃত দেহ সতকাৰৰ সময় উকলি যাব ধৰিছে অঞ্জলীৰ ফোন চুইতচঅফ অঞ্জলীৰ বাপেকক ফোনকৰি সকলো ঘটনা খিনি অঞ্জলীৰ দেৱৰে কৈ দিয়ে কিন্তু অঞ্জলী হে এতিয়ালৈ ঘৰগৈ পোৱা নাই অঞ...

বলিয়া প্ৰশু- ASSAMESE STORY

বলিয়া প্ৰশু  __       বলিয়া প্ৰশু এজন চৰ্টটেম্পাৰ মানুহ অাধা পগলা তেওঁ যিটো এলেকাত থাকে সেই এলেকাত যাবলৈ সকলোৱে ভয় কৰে  অাজিলৈ যিমান জনে তাৰ এলেকাত যাবলৈ সাহস কৰিছে সেইকেইজনে সেই এলেকাত গৈছে যদিও পুনৰ ঘূৰি অহা নাই যিয়ে সেই এলেকাত যায় তাক প্ৰশুয়ে বন্দি কৰি থয় __চিধা কথাত কবলে গলে প্ৰশুয়ে এই সমাজ খন ভাল নাপায় সমাজ খনক তেওঁ ঘৃনা কৰে_    ___-      কিন্তু কিয়   ?  ইয়াৰ এটা ডাঙৰ কাৰন অাছে___        ২০ বছৰ মান অাগৰ কথা বৰ্তমানৰ বলিয়া প্ৰশু তেতিয়া ইয়াৰ সম্পূৰ্ন বিপৰীত এজন প্ৰশু অাছিল মানে এজন  বহুত ভাল মানুহ, সমাজৰ লগত --সমাজৰ অাগত  থকা সমাজ ভালপোৱা মানুহ অাছিল তাৰ ভাল কামবোৰৰ বাবে তাক বহুত মানুহে চিনি পাইছিল সংবাদ মাধ্যমৰো হেদলাইল প্ৰশুয়ে অাছিল যুৱ প্ৰজন্মৰ তেওঁ প্ৰেৰনা অাছিল মুধৰ ওপৰত কব গলে শুদ্ধ গংগাৰ পানীৰ দৰে মানুহ অাছিল__     পিছে মানুহ যিমানে ভাল নহওক কিয় তাৰ শত্ৰুও থাকে ঠিক তেনেদৰে প্ৰশুৰো অাছিল __  কিন্তু প্ৰশুৰযে শত্ৰু অাছিল সি জনা নাছিল মানে কথাটো হল প্ৰশুৰ পৰম বন্ধ...